অসম

এমাহে সন্ধানহীন মহানগৰীৰ মহিলা, খবৰ দিওতালৈ ২৫ হেজাৰ টকাৰ পুৰস্কাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ এবিচিৰ তৰুণ নগৰৰ ভাড়াঘৰৰ পৰাই নিৰুদ্দেশ হোৱা আলেমা বেগম (৫০) নামৰ মহিলা গৰাকীৰ বিগত প্ৰায় এমাহেও ওলোৱা নাই সন্ধান। উল্লেখ্য যে, যোৱা ১০ ফেব্ৰুৱাৰীত ঘৰত স্বামী আৰু পুত্ৰ উপস্থিত থকা সময়তে দুপৰীয়া ভাগত আকস্মিকভাৱে নিৰুদ্দেশ হয় আলেমা বেগম। পৰিয়ালৰ লোকে নিশালৈ ঘৰত উপস্থিত নোহোৱা লোকৰ ঘৰত কাম-বন কৰি জীৱন নিৰ্বাহ কৰা মহিলা গৰাকীৰ স্বামী আৰু পুত্ৰই মহানগৰীৰ লগতে মহিলাগৰাকীৰ স্থায়ীগৃহ বৰপেটা জিলাৰ পালহাজীতো খবৰ কৰি সন্ধান নোলোৱাত যোৱা ১৪ ফেব্ৰুৱাৰীত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

ৰহস্যজনকভাৱে প্ৰায় এমাহ উকলি যোৱাৰ পিছতো মহিলাগৰাকীৰ কোনো শুংসূত্ৰ আৰক্ষী আৰু পৰিয়ালে উলিয়াব নোৱাৰি চৰম হতাশাত ভুগিছে। মহিলাগৰাকীৰ সম্ভেদ দিওতাক নগদ ২৫ হেজাৰ টকাৰ পুৰস্কাৰ দিব বুলিও পৰিয়ালৰ লোকে প্ৰকাশ কৰি ৭৬৬৪০৫৮৪৪৫ নম্বৰৰ মোবাইল ফোনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।