অসম

মহানগৰীৰ তিনি স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ফুট ব্ৰীজ…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ তিনি স্থানত ফুটব্ৰীজ মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমতে ১০ কোটি ৩৮ লাখ টকা ব্যয়ৰে নিৰ্মান কৰি উলিওৱা আদাবাৰী ফুটব্ৰীজখন মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ পাছতেই ৯ কোটি ৭০ লাখ ৫০ হাজাৰ ব্যয় সাপেক্ষে নিৰ্মান কৰা বৰীপৰা মালিগাঁও ফুটব্ৰীজ মুকলি কৰে মুখ্যমন্ত্ৰী শৰ্মা। দুয়োখন ফুটব্ৰীজ মুকলি কৰাৰ পাছত শুক্ৰেশ্বৰত নিৰ্মান কৰা ফুটব্ৰীজ খনো মুকলি কৰা হয়।

উল্লেখযোগ্য যে, আদাবাৰী মালিগাঁৱৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰা শুক্ৰেশ্বৰৰ ফুট ব্ৰীজখন সৰ্বমুঠ ৭৯৮.০৪ টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে পদ সেঁতুখন। উল্লেখ্য যে, ২০২০ চনৰ ৫ জুনত আৰম্ভ কৰা হৈছিল এই ফুট ব্ৰীজৰ কাম-কাজ। পদ সেঁতু খনৰ দৈর্ঘ্য ১৯.৭০ মিটাৰ। তদুপৰি, দীপাৱালীৰ দিনা মুকলি কৰা হ'ব ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুখন।