অসম

গুৱাহাটীৰ তাজ ভিভান্টাত বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত ২৬ মাৰ্চ অৰ্থাৎ শুকুৰবাৰে বাংলাদেশৰ সহকাৰী উচ্চ আয়োগে স্বাধীনতা দিৱস আৰু ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী পালন কৰে। এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় গুৱাহাটীস্থিত তাজ ভিভান্টা হোটেলত।

এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা। তেওঁৰ লগতে উপস্থিত থাকে গুৱাহাটীস্থিত ৰয়েল ভূটানিছ কনছুলেটৰ কনছিউল জেনেৰেল ফুব ছেৰিং, বিদেশ মন্ত্ৰণালয়ৰ ব্ৰান্স হেড নাউৰেম জে সিঙকে ধৰি বহু কেইজন গণ্য মান্য ব্যক্তি। অনুষ্ঠানটিৰ উদ্বোধনী ভাষণত গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্ত ড০ শ্বাহ মহম্মদ তনবীৰ মনছুৰে কয়- বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ নেতৃত্বত বংগবন্ধুৰ সোণৰ বেংগলৰ সপোন বাস্তৱ ৰূপ পাইছে।

উক্ত অনুষ্ঠানটিত এক ফেশ্বন শ্ব'ৰো আয়োজন কৰা হয়। য'ত মুখ্য আকৰ্ষণ আছিল বাংলাদেশী হস্ততাঁত আৰু ঐতিহ্য সামগ্ৰীসমূহ। ইয়াৰোপৰি গায়ক ৰাকেশ মজুমদাৰ, দীপজ্যোতি গগৈৰ গীত পৰিদৰ্শনত আপ্লুত হৈ পৰে দৰ্শকসকল। উল্লেখ্য যে, এই অনুষ্ঠানটোত গোৱা গীতসমূহ আছিল বাংলাদেশৰ লোকগীতৰ অসমীয়া অনুবাদ।