অসম

শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণক লৈ ৰাজ্যজুৰি দল-সংগঠনে প্ৰতিবাদ কৰি থকাৰ সময়তে গুৱাহাটীত ওলাই আহিল লোকজাগৰণ মঞ্চ নামৰ এটা সংগঠন। বৃহস্পতিবাৰে মহানগৰীৰ ৰাজপথত শতাধিক সংগঠনটোৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ এন আৰ চি শুদ্ধৰূপত কৰাৰ বাবে প্ৰতীক হাজেলা ওচৰত দাবী জনাই ভঙাগড়ৰ কাৰ্যালয় ঘেৰাও কৰে।

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অভিনেতা প্ৰাঞ্জল শইকীয়াই এন আৰ চি স্পষ্ট ৰূপে জাতিৰ হকে শুদ্ধকৈ কৰিবলৈ প্ৰতীক হাজেলাক দাবী জনোৱাৰ উপৰিও এই এন আৰ চি কাৰ্যত প্ৰতীক হাজেলাৰ সিদ্ধান্তক প্ৰতিবাদত সহযোগিতাৰ বাবে সকলোকে ওলাই অহাৰ আহ্বান জনায়।