অসম

‘কা’ বিৰোধী প্ৰতিবাদঃ খেল’ ইণ্ডিয়া অনুষ্ঠানলৈ নাহে প্ৰধানমন্ত্ৰী মোডী…

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ। তাৰ মাজতেই অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব গুৱাহাটীত খেল' ইণ্ডিয়া য়ুথ গেমছ ২০২০। এই অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী মোডীক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও, এতিয়ালৈকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা কোনো নিশ্চয়তা প্ৰদান কৰা নাই।

আনুষ্ঠানিকভাৱে কোনো কথা নক'লেও অনানুষ্ঠানিকভাৱে আয়োজক সকলক প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জানিবলৈ দিছে এই অনুষ্ঠানত অংশগ্ৰহণ নকৰে প্ৰধানমন্ত্ৰী মোডীয়ে। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমক এই বিষয়ে সদৰী কৰিছে খেল' ইণ্ডিয়া গেমছৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ যোশীয়ে।

ৰাজ্যত আছুকে ধৰি শিল্পী তথা বিভিন্ন দল-সংগঠনে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ ৰূপ দেখি বাতিল কৰা হৈছে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচী। ইতিমধ্যে প্ৰতিবাদকাৰী জাতীয় দল-সংগঠনে ঘোষণা কৰিছিল যে এই অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী মোডী আহিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ১৫ৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ভাৰত-জাপান সন্মিলন কা বিৰোধী প্ৰতিবাদৰ বাবেই বাতিল কৰা হৈছিল। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপস্থিত থকাৰ কথা আছিল।

খেল' ইণ্ডিয়াৰ সূচী…

খেল' ইণ্ডিয়া গেমছ ২০১৮চনত আৰম্ভ হৈছিল। এই খেলৰ তৃতীয় সংস্কৰণ গুৱাহাটীত অনুষ্ঠিত হ'ব ১০ জানুৱাৰী, ২০২০ৰ পৰা ২২ জানুৱাৰী, ২০২০লৈ। ১০ জানুৱাৰীৰ পৰা ১৩ জানুৱাৰীলৈ আৰ্ছাৰী, ১১ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ এথলেটিকছ, ১৮ৰপৰা ২১ জানুৱাৰীলৈ বেডমিন্টন, ১৬ৰ পৰা ২০ জানুৱাৰীলৈ বাস্কেটবল, ১৬ৰ পৰা ২২ জানুৱাৰীলৈ বস্কিং, ১২ৰ পৰা ১৬ জানুৱাৰীলৈ চাইকেলিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

খেল' ইণ্ডিয়াৰ আৰ্ছাৰী অনুষ্ঠিত হ'ব এই স্থানত..

ইয়াৰ উপৰিও, অনুৰ্ধ ১৭ বছৰৰ (ল'ৰা) ফুটবল আৰম্ভ হ'ব ১২ জানুৱাৰীত। ২১ জানুৱাৰীত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল আৰু ২২ জানুৱাৰীত অনুৰ্ধৰ ১৭ (ছোৱাৰী) বছৰৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব।

ভূগেশ্বৰ ফুকননী ইণ্ডোৰ ষ্টেডিয়ামত হ'ব জিমনাষ্টিক খেল…

জিমনাষ্টিক খেলসমূহ আৰম্ভ হ'ব ৯ জানুৱাৰীৰ পৰা। ১৩ জানুৱাৰীৰ পৰা হকী, ১০ জানুৱাৰীৰ যুদু, ৯ জানুৱাৰীৰ পৰা কাবাদী, ১৬ জানুৱাৰীৰ পৰা খো-খো, ১২ জানুৱাৰীত লন বল, ১১ জানুৱাৰীত শ্বুটিং, ১৭ জানুৱাৰীত ছুইমিং, ১০ জানুৱাৰীত টেবুল টেনিছ, ৯ জানুৱাৰীৰ পৰা ভলিবল, ১৬ জানুৱাৰীৰ পৰা ভাৰত্তোলন, ১৬ জানুৱাৰীৰ পৰা মল্লযুদ্ধ খেল আৰম্ভ হ'ব এই প্ৰতিযোগিতাত।

চচলৰ টেনিছ ক'ট…

এই প্ৰতিযোগিতাত আন্দামান-নিকোবৰ, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল, অসম, বিহাৰ, দিল্লী, ছণ্ডীগড়, গুজৰাট, হাৰিয়ানা, লাডাখকে ধৰি মুঠ ৩৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈয়ে অংশ গ্ৰহণ কৰিব।