অসম

ৰাষ্টীয় পৰ্যায়ৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক দণ্ডিধৰ গোহাঁইক ঘিলামৰা আছুৰ সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে ঢকুৱাখনা ঘিলামৰাৰ অগ্ৰনী শিক্ষানুষ্ঠান নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দণ্ডিধৰ গোহাঁইয়ে লাভ কৰিছিল All indian achivers &Research Academy য়ে প্ৰদান কৰা " Bharat Ratna Dr Radhakrishnan Best Teachers Gold Medal Award। শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই শ্ৰেষ্ঠ শিক্ষকৰ বঁটাটি আগবঢ়োৱা হৈছিল দণ্ডিধৰ গোহাঁইলৈ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সন্মানেৰে সমগ্ৰ ঘিলামৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা প্ৰধান শিক্ষক দণ্ডিধৰ গোহাঁইক বৃহস্পতিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাই। ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ সন্থাৰ এটি দল উপস্থিত হৈ সমূহ শিক্ষাৰ্থীসকলৰ উপস্থিতিত ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে শিক্ষকগৰাকীক।

শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰা এই অনুষ্ঠানটিত ছাত্ৰ সন্থাৰ হৈ উপস্থিত আছিল সদৌ লখিমপুৰ জিলাৰ সঃসাধাৰণ সম্পাদক টুলটুল ভৰালী, সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক পল্লৱ বৰুৱাৰ লগতে ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি গিৰিন্দ্ৰ শইকীয়া আৰু সম্পাদক বিবেক গগৈ। অভিনন্দন অনুষ্ঠাটিত সদৌ লখিমপুৰ জিলাৰ সঃসাধাৰণ সম্পাদক টুলটুল ভৰালীয়ে ঘিলামৰা অঞ্চলটোৰ শৈক্ষিক দিশত নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱদানৰ সন্দৰ্ভত চমুকৈ বক্তব্য দাঙি ধৰে।