অসম

‘কেব’ বিৰোধী শ্ল’গানেৰে মুখৰিত আকাশ-বতাহঃ ঘিলামৰাত আছুৰ বিক্ষোভ কাৰ্যসূচী…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখানাঃ সমগ্ৰ ৰাজ্যত অধিক তীব্ৰতৰ হৈছে কেববিৰোধী প্ৰতিবাদ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শুকুৰবাৰে (৬ ডিচেম্বৰ) ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে উত্তপ্ত প্ৰতিবাদ। অঞ্চলটোৰ প্ৰায় ৫ খনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী আৰু অঞ্চলবাসীৰ সহযোগত আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনৰ ৫ শতাধিক প্ৰতিবাদকাৰীয়ে বিক্ষোভ কাৰ্যসূচীৰ যোগেদি কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক সকিয়াই দিলে, কোনোপধ্যেই ৰাজ্যবাসীয়ে মানি নলয় কেব।

ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিক্ষোভ কাৰ্যসূচীত ভাগ লবলৈ স্বৰ্তফূতভাৱে ৰাজপথলৈ ওলাই আহে ঘিলামৰাবাসী ৰাইজ। প্ৰায় ৫ শতাধিক প্ৰতিবাদকাৰীৰ এটা বৃহৎ সমদলে কেব বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে ঘিলামৰাৰ আকাশ-বতাহ। উল্লেখ্য যে, আছুৰ এই বিক্ষোভ কাৰ্যসূচীত শিক্ষাৰ্থী সকলৰ লগতে ঘিলামৰা শাখা সাহিত্য সভা, ঘিলামৰা আঞ্চলিক মহিলা সমিতি, অপৰূপা সাংস্কৃতিক সংঘ, ঘিলামৰা বিশিষ্ট ব্যক্তি, সচেতন নাগৰিক মঞ্চকে ধৰি কেইবাটাও সংস্থাই অংশ লয়।

এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব লোৱা ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা টুলটুল ভৰালীয়ে কেবৰ বিৰোধিতা কৰি কয় যে, অসমখন বিদেশী চৰণীয়া পথাৰ বা কোনো ডাষ্টবিন নহয় যে কোনোবাই মন গলেই বিদেশীৰ বোজা জাপি দিব। আমি আজি সকিয়াই দিছো কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক দেহত শেষ বিন্দু তেজ থকালৈকে এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুঁজি যাম। ইফালে প্ৰতিবাদস্থলীত ঘিলামৰা শাখা সাহিত্য সভাৰ সভাপতি, সচেতন নাগৰিক মঞ্চৰ সভাপতি দেৱেন ফুুকনে ভাষণ প্ৰদান কৰি কেব বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত ঘিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি গিৰিন্দ্ৰ শইকীয়াই কয়, বিধেয়কখনে অসমীয়া জাতি, কৃষ্টি-সংস্কৃতিলৈ বিপদ মাতি আনিছে। আমি সমগ্ৰ অসমবাসীক বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহিবলৈ অনুৰোধ জনাইছো। এয়া অসমীয়াৰ বাবে জটিল সন্ধিক্ষণ। এই সময়ত আমি একগোট হৈ থাকিব লাগিব।' ইফালে ঘিলামৰা আছুৰ সাধাৰণ সম্পাদক বিবেক গগৈয়ে চৰকাৰ এই কুটিল অভিসন্ধি উফৰাই পেলাবৰ বাবে আছু সদায় সাজু আছে বুলি কোৱাৰ লগতে অহা ৭ ডিচেম্বৰত বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল বাহিৰ কৰা কথাও ব্যক্ত কৰে।