অসম

ঢকুৱাখনাৰ ঘিলামৰাত চোৰাং গৰু ভৰ্ত্তি ট্ৰাক জব্দ, উদ্ধাৰ হোৱা ৫ টা গৰু মৃত…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে গৰুৰ চোৰাং বেপাৰী চক্ৰ।এই চক্ৰৰ সৈতে জড়িত ঘিলামৰাৰ পাৰঘাটৰ এজন লোকে এখন ট্ৰাকত ২৬ টা গৰু নথি-পত্ৰ বিহীনভাৱে সৰবৰাহ কৰাৰ সময়তে ৮ জুলাইৰ সন্ধিয়া ঘিলামৰা আছু, এজেৱাইচিপিৰ সদস্যৰ সহযোগত ঘিলামৰাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

ট্ৰাকখনত হিচাপতকৈ অধিক ২৬ টা গৰু বোজাই কৰি অনাত হেঁচা-ঠেলাৰ বাবে তাৰে ৫ টা গৰু মৃত্যুৰ মুখত পৰে । ঘিলামৰা আৰক্ষীয়ে AS 17 B 0185 নম্বৰৰ ট্ৰাকখন আৰু গৰুবোৰ থানাৰ চৌহদত জব্দ কৰি ৰাখি তদন্ত অব্যাহত ৰাখিছে যদিও সংবাদ মাধ্যমৰ আগত সবিশেষ তথ্য প্ৰকাশ কৰা নাই। ঘিলামৰা আঞ্চলিক হিন্দু যুৱ ছাত্ৰ পৰিষদয়ো এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।