অসম

গেলাবিলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনা, থিতাতে নিহত স্কুটী আৰোহী…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি/ওৰাংঃ মঙলবাৰে নিশা ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত গেলাবিলৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়ংকৰ পথ দূৰ্ঘটনাত থিতাতে ৮ জনকৈ লোক নিহত হোৱাৰ পাছত বুধবাৰে সন্ধিয়া পুনৰ একে স্থানতে সংঘটিত আন এক পথ দূৰ্ঘটনা।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজন স্কুটী আৰোহীয়ে। ঘটনাৰ বিষয়ে জানিব পৰা মতে, মঙলবাৰে দূৰ্ঘটনা সংঘটিত হোৱা মিঠাতেল ভৰ্তি ট্ৰাকখনৰ পৰা তেলৰ কাৰ্টন সমূহ অন্য এখন ট্ৰাকত ভৰাবলৈ অনা নতুন ট্ৰাকখনৰ সন্মুখৰ চকাৰ তলত সোমাই পৰে স্কুটীসহ আৰোহী। ফলত স্কুটী আৰোহী অৰুণ নাৰ্জাৰীৰ মৃত্যু হোৱাৰ লগতে মালতী বসুমতাৰী নামৰ এগৰাকী মহিলা আহত হয়। নিহত নাৰ্জাৰীৰ ঘৰ হুগ্ৰাজুলিত বুলি জানিব পৰা গৈছে।