অসম

বটদ্ৰৱাত গৰু বিহু উদযাপন,উখল মাখল পৰিবেশ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : বুধবাৰে গৰু বিহু। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথমটো দিনত অসমীয়া জাতিয়ে পালন কৰা গৰু বিহুৰ দিনা পুৱাৰে পৰা সমগ্ৰ ৰাজ্যৰ প্ৰতিঘৰ গৃহস্থই কৃষ্টি সংস্কৃতিৰ অংশ নিজৰ পোহনীয়া গৰুক নোৱাই ধুৱাই উদযাপন কৰিছে গৰু বিহু।

ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ নসত্ৰ এইদৰে লাও, বেঙেনা, কেৰেলা, হালধ, থেকেৰাৰ কাটি বাহৰ চাত বনাই, "লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মা সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু" বুলি সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰে গৃহস্থই। জ্যেষ্ঠ- কনিষ্ঠ সকলো একগোট হৈ চহকী সংস্কৃতিক জীপাল কৰি তুলি এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে।