আজি গণেশ চতুৰ্থীঃ ৰাজ্য বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম...
আজি গণেশ চতুৰ্থীঃ ৰাজ্য বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম... 
অসম

আজি গণেশ চতুৰ্থীঃ ৰাজ্য বিভিন্ন প্ৰান্তত ভক্তৰ সমাগম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰসমূহত পালন কৰা হৈছে গণেশ চতুৰ্থী। হিন্দু ধৰ্মালম্বী লোকসকলৰ আদি পূজ্য দেৱতা গণেশ। সেয়ে সকলো পূজাৰ আগমুহূৰ্তত গণেশৰ শ্ৰীচৰণত পূজা আগবঢ়োৱা হয়।

আজিৰ এই পবিত্ৰ দিনটোতে ৰাজ্যৰ আন আন ঠাইসমূহৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশগুৰি,লতাশিল,নিউ গুৱাহাটী গণেশ মন্দিৰ, নাৰেঙ্গী আদিত উলাহ-মালহ তথা আধ্যাত্মিকতাৰে ভক্তসকলে সেৱা আগবঢ়ায়। পৰিয়ালৰ মংগল কামনা কৰি সকলোৱে গণেশ বাবাৰ শ্ৰীচৰণত ধূপ-চাকি,নৈবদ্য আদিৰ লগতে ভোগো আগবঢ়ায়।