অসম

আজি গণেশ চতুৰ্থী, গণেশ মন্দিৰত ভিৰ অগণন দৰ্শনাৰ্থীৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ আজি গণেশ চতুৰ্থী। দেশজুৰি উদযাপন হৈছে গণেশৰ বন্দনা। মুম্বাইত গণেশ চতুৰ্থী উপলক্ষে যথেষ্ট ভক্তই ভিৰ কৰিছে পূজাস্থলীত। ৰং-বিৰঙৰ আলোকসজ্জাৰে সজাই তোলা হৈছে গণেশৰ মূৰ্তি।

গণেশ চতুৰ্থী উপলক্ষে মুম্বাইৰ স্থানীয় ৰে'লতো যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। অসমতো গণেশ চতুৰ্থীৰ দিনা পূজা-পাতল কৰিবলৈ ভিৰ কৰিছে ভক্তপ্ৰাণ ৰাইজে।

ইফালে, আজি পুৱাই উমানন্দলৈ যাব এখন বিশেষ ফেৰী। উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছতেই উমানন্দৰ সৈতে যোৱা ৭দিন ধৰি কোনো যোগাযোগ হোৱা নাছিল। প্ৰশাসনে বন্ধ ৰাখিছিল মন্দিৰটোলৈ ফেৰী সেৱা। যাৰবাবে মন্দিৰত আৱদ্ধ হৈ আছিল দুজন পূজাৰীসহ ৫জন লোক।

উমানন্দত থকা মূল মন্দিৰটোৰ লগতে এটা গণেশ মন্দিৰো আছে। এই মন্দিৰত পূজা-পাতলৰ বাবে বিশেষ ফেৰীখনে পূজাৰ সামগ্ৰী কঢ়িয়াই নিয়াৰ কথা। গণেশগুৰিৰ গণেশ মন্দিৰতো পুৱাৰ পৰা গণেশ মন্দিৰ দৰ্শনৰ বাবে ভক্তৰ লানি লাগিছে।