অসম

গকুল গগৈ চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ নতুন সভাপতি…

asomiyapratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গকুল গগৈক চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু জিলাখনৰ মাহমৰা সমষ্টিত পাৰ্থ প্ৰতীম সন্দিকৈক যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে । নৱ নিযুক্ত সভাপতি হিচাপে আগন্তুক দিনত দুয়ো গৰাকীৰে নেতৃত্বত চৰাইদেউ জিলা যুৱ কংগ্ৰেছে এক নতুন আশাৰে আগবাঢ়ি যাব বুলি দলীয় যুৱ কৰ্ম সকলে আশা প্ৰকাশ কৰিছে।