অসম

গহপুৰৰ খাৰৈ নদীত সন্ধানহীন এগৰাকী বন্যাৰ্ত…

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰে গহপুৰত বাঢ়নি বানীয়ে উটুৱাই নিয়ে এজন লোকক।দিনৰ প্ৰায় ১২.৩০ বজাত গহপুৰ মহকুমাৰ গলচেপা গাঁৱৰ নিতুল নাথক (৪১) বান পানীয়ে উটুৱাই নিয়ে।ঘটনাটো‌‌ সংঘটিত হৈছে খাৰৈ নৈ পাৰহৈ খকৰাকটাৰ সমীপত।

স্থানীয় ৰাইজে নাৱেৰে‌ সকলো ঠাই বিচাৰি নাথৰ শুংসূত্ৰ উলিয়াব পৰা নাই।এছ‌‌ডিআৰএফৰ সহযোগত‌‌ আৰক্ষীয়ে‌ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বিবাহিত নাথৰ পত্নীসহ দুজনী ছোৱালী আৰু এজন ল'ৰা‌ আছে ।