অসম

বৰষুণ দিলেই ভয়ত কঁপি উঠে গহপুৰবাসী

asomiyapratidin

ডিজিটেল সংবাদ, গহপুৰঃ অৰুণাচলৰ পাহাৰত মুষলধাৰে বৰষুণ দিলেই গহপুৰ মহকুমাৰ মাজেৰে বৈ যোৱা নৈসমূহ ফেনেফোটোকাৰে বাঢ়ি মহকুমাটোৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰাটো নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে।

বিশেষকৈ চেঁচা আৰু চত্ৰং নৈৰ বাঢ়নী পানীয়ে অসম-অৰুণাচল সীমান্তৱৰ্তী চেঁচা বৈশিষ্ঠপুৰ, শিঙৰজান, ঔগুৰি, পুলিচোমনি, ৰঙাজান ডফলা, চেঁচা-ৰঙাজান, নৱপুৰ, ৰজাবাৰী, কলমৌগুৰিৰ একাংশৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে।

তদুপৰি চেঁচা নৈয়ে কেইবাটাও স্থানত গতি সলনি কৰি কৃষি ভূমি, বাসগৃহ, নামঘৰ, বিদ্যালয়, স্বাস্থ্য উপকেন্দ্ৰ আদিৰ মাজেৰে বৈ যোৱাত অঞ্চলটোৰ ৰাইজৰ জীৱন যাত্ৰা দুৰ্বিসহ কৰি তুলিছে। চলিত বাৰিষাৰ কালছোৱাতো নৈখনৰ ওফন্দি উঠা জলৰাশি আৰু বোকা-পলসে ৰঙাজান স্বাস্থ্য উপকেন্দ্ৰ, ৰঙাজান প্ৰাথমিক বিদ্যালয়, ৰঙাজান জনজাতি মধ্য ইংৰাজী বিদ্যালয়, ৰঙাজান একশৰণ ভাগৱতী সমাজৰ হৰিমন্দিৰত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।

উত্তৰ কলাবাৰী গাওঁ পঞ্চায়তৰ অন্তর্গত চেঁচা অসমীয়া বৈশিষ্টপুৰৰ ১৫ টা পৰিয়াল আজিও পানীৰ লগত সহবাস কৰি আছে। ইপিনে গহপুৰ চহৰৰ মাজেৰে বৈ যোৱা অভিশপ্ত চত্ৰং নৈৰ বাঢ়নী পানীয়ে বাৰুকৈয়ে জীয়াতু ভোগাইছে নগৰখনৰ ৩টাকৈ ৱাৰ্ডৰ বাসিন্দাক। নৈখনৰ মথাউৰিৰ ভগ্ন অংশৰে পানী বাঢ়িলেই ডিম্বেশ্বৰ বৰুৱা পথৰে বৈ যায় নৈখনৰ জলৰাশি। ফলত এজাক বৰষুণ দিলেই এতিয়া বুকু কঁপি উঠে পৰিয়ালকেইটাৰ লগতে চত্ৰঙৰ নৈপৰীয়া ৰাইজৰ।

খৰালি পৰিকল্পিত আৰু বিজ্ঞান সন্মতভাবে চত্ৰং, চেঁচা, ব্ৰহ্মাজান, সোলেঙী, ককিলা, বালিজান, মাগনি, বলম, কুকুৰজান আদি নৈসমূহ খনন আৰু মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই প্ৰতিটো বাৰিষাত যমৰ-যাতনা ভুগিব লগা হৈছে গহপুৰৰ গৰিষ্ঠ সংখ্যক ৰাইজ। পৰিৱৰ্তনৰ আশাত আজিও বন্দী বিপ্লৱ-মৰমী-জীৱন-দীপকহতৰ দৰে ভুক্তভোগীসকলৰ দুখ-দুদৰ্শাৰ কথা অনুধাৱন কৰিবলৈ আহৰি হ'বনে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্য-বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাৰ।