অসম

উচ্চ শিক্ষাৰ লাভৰ ক্ষেত্ৰত দৰিদ্ৰতা হেঙাৰ হ’ব নোৱাৰেঃ ফুলমনি ৰাভাই দেখুৱাইছে নিদৰ্শন

asomiyapratidin

ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোৰ এগৰাকী যুৱতীয়ে তেজপুৰ বিশ্ববিদ্যালয়ত এম.বি.এ. ডিগ্ৰী পাঠ্যক্ৰম অধ্যয়নৰ বাবে নিৰ্বাচিত হৈছে। বৰ্তমান সময়ত আনৰ বাবে এয়া এক সাধাৰণ কথা হলেও এইগৰাকী যুৱতীৰ ক্ষেত্ৰত এয়া এক বিশেষ সফলতা হিচাপে পৰিগণিত হৈছে।

৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত গংৰাপাৰাগাঁৱৰ যুৱতী ফুলমনি ৰাভা। ৰাভাই তেজপুৰ বিশ্ববিদ্যালয়ত এম.বি.এ.ডিগ্ৰী পাঠ্যক্ৰম অধ্যয়নৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণহৈ নিৰ্বাচিত হৈছে। খেতিয়ক গিৰিৰাম ৰাভা আৰু নিৰ্মলা ৰাভাৰ কন্যা ফুলমনি ৰাভাৰ ঘৰৰ আৰ্থিক অৱস্থা অতি পুতৌ লগা। দৰিদ্ৰতাকো নেওচি বিশ্ব বিদ্যালয়খনত উচ্চ শিক্ষা লাভৰ বাবে বাচনি হোৱা ফুলমনি ৰাভাক মঙ্গলবাৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাই বিশেষ সম্বৰ্ধনা জনাই।

সন্থাই ফুলমনি ৰাভাক জাতীয় কাপোৰ পাজাৰেৰে অভিনন্দন জনোৱাৰ উপৰিও আৰ্থিক ভাৱে সহায় আগবঢ়ায়।কঠোৰ পৰিশ্ৰম কৰি জীয়ৰীক উচ্চ শিক্ষাৰ সুবিধা প্ৰদান কৰা পিতৃ গিৰিৰাম ৰাভা আৰু মাতৃ নিৰ্মলা ৰাভাকো পজাৰেৰে সম্ভাষণ জনায় ছাত্ৰ সংগঠনটোৱে।

উল্লেখযোগ্য যে বকোৰ ফুলমনি ৰাভাই ৰঙিয়া জৱাহৰ নৱদোয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীত ৭৪ আৰু দ্বাদশ শ্ৰেণীত ৭৭শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল । পৰৱৰ্তী পৰ্যায়ত ছয়গাওঁ মহাবিদ্যালয়ৰ পৰাও 'হিচাপ বিদ্যা' বিষয়ক প্ৰধান বিষয় হিচাপেলৈ বানিজ্য বিভাগত ৬৫ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।