অসম

বোকাজান লায়ন্স ক্লাৱৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাজান : বোকাজান লায়ন্স ক্লাৱৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। দেওবাৰে বিদ্যাসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত বোকাজান লায়ন্স ক্লাৱৰ প্ৰচেষ্টাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।

বিনামূলীয়া চকু চিকিৎসা শিবিৰটোত বোকাজানৰ ৩শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে। যোৰহাটৰ পৰা অহা অভিজ্ঞ চিকিৎসক দলটোৱে চকু পৰীক্ষা কৰাৰ পিছত বিনামূলীয়াকৈ ঔষধৰ যোগান ধৰে।