অসম

আলিটাঙনী চাৰিআলিত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী আলিটাঙনী চাৰিআলিত দেওবাৰে আলিটাঙনী বজাৰ কমিটিৰ উদ্যোগত এখনি বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভা অনুষ্ঠিত হৈ যায়।

সমাজৰ দুৰ্গত শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজিত বিনামূলীয়া দন্ত চিকিৎসা শিৱিৰ আৰু সজাগতা সভাৰ উদ্বোধনী ভাষণ আৰু শুভ উদ্বোধন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ আফটাব উদ্দিনে । বিনামূলীয়া দন্ত চিকিৎসা শিবিৰত ডাঃ ৰিজাউল হাচানৰ দ্বাৰা বৃহত্তৰ আলিটাঙনী,জামুগুৰি, শিমলুআটি অঞ্চলৰ শতাধিক ৰাইজৰ দন্ত চিকিৎসা সেৱা আৰু বিনামূলীয়াকৈ ঔষধ আগবঢ়োৱা হয়।

উল্লেখ্য যে, বিনামূলীয়া শিবিৰৰ আৰম্ভণিতে এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ নাজিৰ উদ্দিন , আলহাজ আব্দুল লতিফ, আলা উদ্দিন, শিক্ষক আব্দুল হক, সমাজকৰ্মী আবু ছাদিক কবিৰ, হবিবুৰ ৰহমান, আলিটাঙনী বজাৰ কমিটিৰ সভাপতি আব্দুল খালেক, সম্পাদক আজাহাৰুল আলম, আব্দুছ ছালাম, ইনামুল হক, পাতাব উদ্দিৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।