অসম

অখিল গগৈৰ মুক্তিৰ দাবীৰে মাতৃক লগত লৈ নিজা গৃহৰ চোতালতে প্ৰতিবাদ যুৱ ছাত্ৰৰ…

asomiyapratidin

ডিজিটেল সংবাদ, মৰিয়নিঃ অখিল গগৈৰ মুক্তিৰ দাৱীত আজি কৃষক নেতাগৰাকীৰ মৰিয়নিৰ চেলেং লুসুৰাখনস্থিত বাসগৃহৰ চোতালত যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নিৰ আঞ্চলিক সমিতিৰ আহ্বানত কৃষক নেতাগৰাকীৰ মুক্তিৰ দাৱীত আজি অখিল গগৈৰ গৃহৰ চোতালত দ্বি শতাধিক যুৱ ছাত্ৰৰ কৰ্মী উপস্থিত হৈ অখিল গগৈক বিনাচৰ্ত্তে মুকলি কৰক, কা আমি নামানো, বিজেপি চৰকাৰ হুচিয়াৰ আদি শ্লগানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

অখিল গগৈৰ চোতালত যুৱ ছাত্ৰ পৰিষদে ৰূপায়িত কৰা প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে অংশগ্ৰহন কৰি পুত্ৰৰ প্ৰতি ৰাজ্য চৰকাৰে অন্যায় অবিচাৰ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে। আজিৰ প্ৰতিবাদী স্থলীত  যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিত্তীয় সম্পাদক শিৱ কলিতাৰ তথা মৰিয়নি আঞ্চলিকৰ সভাপতি প্ৰিয়াংশু বৰুৱা ,সম্পাদক ৰঞ্জিত গগৈৰ লগতে যোৰহাট জিলা সমিতিৰ সভাপতি-সম্পাদক উপদেষ্টা তথা কেইবাখনো আঞ্চলিক সমিতিৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰি আঞ্চলিক সমিতিৰ বিষয় ববীয়া উপস্থিত থাকে।