অসম

গোলাঘাটত লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কোটি টকাৰ কেলেংকাৰীৰে জড়িত প্ৰৱঞ্চকক, VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্যৰ এজন প্ৰৱঞ্চকক৷ সোমবাৰে গোলাঘাটৰ পৰা লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধ্ৰুৱজ্যোতি শইকীয়া নামৰ প্ৰৱঞ্চকটোক৷ গোলাঘাট ১ নং আহোমণী গাৱঁৰ প্ৰৱঞ্চক ধ্ৰুৱজ্যোতিয়ে অইল ইণ্ডিয়া লিমিটেডত ভাড়া গাড়ী যোগান ধৰাৰ নামত বহু লোকৰ পৰা এক লাখৰ পৰা দুই লাখ পৰ্যন্ত ধন লৈছিল৷

লখিমপুৰৰ পদ্মেশ্বৰ গগৈ নামৰ এজনৰ লগ হৈ লখিমপুৰত ১৬০ খন গাড়ী যোগান ধৰা নামত ছয় কোটিতকৈও অধিক টকা সংগ্ৰহ কৰিছিল৷ প্ৰৱঞ্চিত সকলৰ অভিযোগৰ ভিত্তিত সোমবাৰে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোলাঘাটৰ পৰা ধ্ৰুৱজ্যোতিক৷