অসম

বহা বৰজাৰী শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ংঃ মৰিগাঁও জিলাৰ মায়ঙৰ বহা বৰজাৰী শংকৰদেৱ শিশু নিকেতনৰ ২১ সংখ্যক  প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন কৰে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ ডেকাই।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়াৰ ভাগত অনুষ্ঠিত মুকলি সভাত মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকে। বৰগীত পৰিৱেশন আৰু বন্তি প্ৰজ্বলন কৰাৰ পিছতেই সম্পাদক তথা জলসিঞ্চন বিভাগৰ কণিষ্ঠ অভিযন্তা উমেশ ডেকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ উপৰিও সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে।

পৰেশ ডেকাৰ  সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা উপায়ুক্ত দেৱাশীষ শৰ্মাই কয় যে মানুহে যি কোনো কামৰ আৰম্ভণি কৰোতে নেতিবাচক মানসিকতাৰে আগবাঢ়িব নালাগে। আমাৰ নিজৰ নিজৰ  ঠাই খন বা  অঞ্চলটো  সৰু আৰু ঠেক বুলি ভবা  মানসিকতাটো এৰিব লাগিব। সকলোৱেই ইতিবাচক মন এটা লৈ কাম কৰি যাব লাগে। তেতিয়াই আমাৰ এটা সুন্দৰ ভবিষ্যত গঢ় দিব পাৰিম বুলি উপায়ুক্ত গৰাকীয়ে ভাষনত উল্লেখ কৰে।

লগতে বিদ্যালয়খনৰ ভূমি আবন্টনৰ যি সমস্যা আছে সেয়া চৰকাৰী  নীতি নিয়মৰ মাজেৰে সম্পাদন কৰি দিব বুলি কোৱাৰ লগতে প্ৰয়োজনীয় অভাৱ খিনি  শক্তি অনুযায়ী কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন আগবঢ়াই বিশিষ্ট শিক্ষাবিদ ৰামচৰণ ভৰালীয়ে।

তেওঁ ভাষণ প্ৰসংগত বহা বৰজাৰী অঞ্চলৰ অতীতৰ শিক্ষা আৰু সামাজিক ব্যৱস্থাৰ কথা ৰোমন্থণ কৰি কয় যে শিক্ষাৰ ক্ষেত্ৰত আজিও অঞ্চলটো বহুত পিছপৰি আছে ।গতিকে নতুন প্ৰজন্মৰ যুৱক যুৱতীক কিদৰে ভাল  শিক্ষা দিব পাৰি আৰু মানৱ সম্পদ সৃষ্টি কৰিব পাৰি সেই ক্ষেত্ৰত বৰ্তমান ৰ প্ৰজন্মই অধিক পৰিশ্ৰম কৰিব লাগিব।

তেওঁ গুৱাহাটী,ক্ষেত্ৰী আৰু বহা অঞ্চলত প্ৰতিষ্ঠা কৰা বিভিন্ন শিক্ষানুষ্ঠানৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। সভাত উপস্থিত থাকে ক্ষেত্ৰী অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী  ৰবিন ডেকা  আৰু যুৱ সমাজ কৰ্মী নয়নমনি বৰুৱা।