অসম

প্রাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান

asomiyapratidin

ডিজিটেল ডেস্ক: প্রাক্তন মন্ত্রী ডাঃ অৰ্ধেন্দু কুমাৰ দেৰ দেহাৱসান। নিশা প্ৰায় ১.৩০ বজাত GMCHত শেষনিশ্বাস ত্যাগ কৰে প্রাক্তন মন্ত্রী গৰাকীয়ে।

মৃত্যুৰ সময়ত দেৰ বয়স আছিল ৮৪ বছৰ । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী। আজি হোজাইলৈ লৈ যোৱা হ'ব তেওঁৰ মৃতদেহ।

১৯৯১ চনত প্রথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল প্ৰাক্তন মন্ত্ৰী গৰাকী। ১৯৯৬ আৰু ২০০১ চনতো বিধানসভালৈ নিৰ্বাচিত হৈছিল। ২০১১ চনত পুনৰবাৰ বিধানসভালৈ নিৰ্বাচিত।

২০২১ত বিজেপিত যোগ দিছিল প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দেই । ১৯৬৩ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা MBBSৰ ডিগ্রী লাভ কৰা দে যোগানৰ লগতে জলসিঞ্চন বিভাগৰো মন্ত্রী আছিল ।