অসম

পুনৰ সন্ধানহীন ‘বাবুন দা’: সন্ধান পালে জনাওক আৰক্ষীক….

asomiyapratidin

ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক আব্দুৰ ৰব সন্ধানহানী। বাবুন দা বুলি পৰিচিত প্ৰাক্তন ক্ৰিকেটাৰ গৰাকী উলুবাৰীৰ বি বৰুৱা ৰোডত থকা নিজা বাসগৃহৰ পৰা নিৰুদ্দেশ হৈছে। ৭৫ বৰ্ষীয় আব্দুৰ ৰব দীৰ্ঘদিন ধৰি ডিমেনচিয়া ৰোগত আক্ৰান্ত হৈ আছে।

২৭ ডিচেম্বৰৰ মাজনিশা প্ৰায় ২ ৰ পৰা ২-৩০ বজাৰ ভিতৰত ঘৰৰ দুৱাৰ আৰু গেট বন্ধ থকাৰ পিছতো তেওঁ বাসগৃহত থকা ১০ ফুট উচ্চতাৰ গেট বগাই পাৰ হৈ যায়। জানিব পৰা মতে দুজন চি আৰ পি এফ জোৱানে সন্ধানহীন আব্দুৰ ৰবক জি এছ ৰোডৰ দিশে খোজ কাঢ়ি যোৱা দেখিছিল।

ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীৰ ওচৰত এই বিষয়ত গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়েও সন্ধান অব্যাহত ৰাখিছে। পৰিয়ালৰ লোকে সন্ধানহীন আব্দুৰ ৰবৰ সন্ধান কোনোৱে লাভ কৰিলে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। সন্ধানহীন হোৱা আব্দুৰ ৰবৰ দেহৰ উচ্চতা প্ৰায় ৫ ফুট ৫ ইঞ্চি। পিন্ধনত আছিল মুগা বৰণীয়া টি চাৰ্ট আৰু ক'লা ৰঙৰ এটা পেণ্ট।

পৰিয়ালৰ লোকে সদৰি কৰা মতে তেওঁ কোনো কথা মনত ৰাখিব নোৱাৰে যদিও একমাত্ৰ নেহেৰু ষ্টেডিয়ামৰ বিষয়ে জানে। সেই বিষয়ে তেওঁ ক'ব পাৰে। উল্লেখ্য যে চলিত বছৰৰে বিগত ১২ অক্টোবৰত তেওঁ নিৰুদ্দেশ হৈছিল। সেইবাৰ তেওঁক পানীখেতিত উদ্ধাৰ কৰিছিল।