অসম

নগাঁও লায়ণ্স ক্লাবৰ নতুন সমিতি গঠন…

asomiyapratidin

ডিজিটেল সংবাদ, নগাওঁ : প্ৰতি বছৰৰ দৰে ম্যাদৰ ভিতৰত সমিতি গঠন কৰাটো বাধ্যতামূলক বাবে এই জটিল সংন্ধিক্ষনত কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও লায়ণ্স ক্লাবে অনলাইন যোগে (Zoom Meeting) অনুষ্ঠিত কৰি ঘৰে ঘৰে থাকি প্ৰতিজন নিষ্ঠাবান সদশ্যবৃন্দয়ে বৰ্তমানৰ অল্পভাষী,মিত্যবয়ী ও কৰ্মস্পৃহা থকা সভাপতি প্ৰলয় কুমাৰ সাহা ৰ সভাপতিত্বত নিয়াৰিকৈ এই সভা পালন কৰা হয়।

প্ৰায় ডেৰ ঘন্টা যোৰা এই সভাত আগন্তুক বৰ্ষত হ'বলগীয়া বিভিন্ন শিতানৰ উন্নয়নমূলক আঁচনি বিষয়ে আলোচনা কৰা হয় লগতে বৰ্তমান নগাঁও লায়ণ্স ক্লাবত থকা অক্সিজেন চিলিন্ডাৰ সমূহ এই কৰোনাৰ পৰিস্থিতিত কিদৰে যোগানৰ ব্যৱস্থা কৰিলে ভোক্তভোগী সকল উপকৃত হ'ব তাৰ ওপৰত গভীৰ চৰ্চা কৰা হয় ।

সদৌ শেষত নগাঁও লায়ণ্স ক্লাবৰ সংবিধান অনুসৰি সৰ্বসন্মতিক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী শ্ৰীমতী মালা শৰ্মা বৰদলৈ ডাঙৰীয়ানিক সভাপতি পদটো শুৱনি তথা সুন্দৰকৈ গঠনমূলক কামবোৰ কৰিবলৈ দায়িত্ব অৰ্পণ কৰে।জীতেন আগৰৱালা ক সচিব, পৱন কুমাৰ বৰাক কোষাধ্যক্ষ , বিশ্বজিৎ মহন্ত ক আগৰদৰে পি আৰ অ ত বাহাল ৰাখে।


নগাঁও লায়ণ্স ক্লাব সকলো সময়তে হিত চিন্তা কৰি অহা সদশ্য সকল ক্ৰমে যুগল আগৰৱালা, গংগা বল্লভ গোস্বামী,হিমৎ চোলাংকী,মানক চান্দ নাহাতা, বসন্ত বৰদলৈ,হৰদৰ্ষন সিং, হৰভজন সিং,গুৰুচৰন সিং, ইনামূল মজিদ,বলবিন্দৰ সিং,অজয় মিট্টল, গৌৰী সেনগুপ্তা, প্ৰনৱ দাস,ভাৰতী নাহাতা,চুৰিন্দৰ কাৰৱা, মহাবীৰ আগৰৱালা, মাল্দচান্দ আগৰৱালা সহ প্ৰায় সকলো সদশ্যক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হ'ল।