অসম

অসমীয়া খিলঞ্জীয়াক উপেক্ষা! অনা-অসমীয়াক বন বিভাগৰ উচ্চ পদত নিযুক্তি…

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ বন বিভাগত পুনৰ এজন অসমীয়া খিলঞ্জীয়া বন বিষয়া প্ৰাপ্য অধিকাৰৰ পৰা হ'ল বঞ্চিত৷ জাতি-মাটি-ভেঁটিৰ নাম লৈ ক্ষমতা দখল কৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাৰতীয় প্ৰশাসনিক বন বিষয়া অভিজিৎ ৰাভাক বনবিভাগৰ মুখ্য বন সংৰক্ষক আৰু বন সুৰক্ষা বাহিনীৰ মুৰব্বী পদত নিযুক্তি নিদিয়াত ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে৷

অভিজিৎ ৰাভাৰ অসমৰ বনজ সম্পদৰ সম্পৰ্কত অভিজ্ঞতা থকাৰ লগতে সকলো দিশৰ পৰা শীৰ্ষ পদটোৰ বাবে যোগ্যতা থকাৰ পাছতো তেওঁক সম্পূৰ্ণৰূপে উপেক্ষা কৰি অসম চৰকাৰ শেহতীয়াকৈ বনবিভাগৰ উক্ত শীৰ্ষ পদত অৰিন্দম মাথুৰ সিং নামৰ এজন অনা-অসমীয়া লোকক নিযুক্তি দিয়ে৷ অন্যহাতে অসমবাসীয়ে ভাবিছিল যে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ শাসনকালত অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ লগতে যোগ্যতাসম্পন্ন অসমীয়া লোকে প্ৰাপ্যৰ পৰা বঞ্চিত নহ'ব৷ কিন্তু বৰ্তমান চৰকাৰখনৰ এনে কৰ্ম-কাণ্ডক দেখি ক্ৰমাৎ আস্থা হেৰুৱাইছে সৰ্বসাধাৰণে। বৰ্তমান চৰকাৰখনে ৰাজ্যখনৰ উচ্চপদস্থ পদসমূহত অনা-অসমীয়াক আগস্থান দিয়াত উঠি পৰি লগা বুলিও অভিযোগ উত্থাপন হৈছে৷

উল্লেখযোগ্য যে, অভিজিৎ ৰাভাই বিগত সময়চোৱাত দক্ষতাৰে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ২০১২ বৰ্ষত দুৰ্গম সিংহাসন পাহাৰত জৰীপ চলাবলৈ গৈ উগ্ৰপন্থীৰ হাতত অপহৰণ হ'বলগাও হৈছিল৷ ইয়াৰোপৰি ৰাভাই অসমৰ নদীসমূহৰ সংৰক্ষণত গুৰুত্ব প্ৰদান কৰি নদীসমূহ নৌকাৰে নিজে পৰিভ্ৰমণ কৰিছিল৷ ৰাভাই অসমৰ বনজ সম্পদ সংৰক্ষণৰ বিষয়ে ধাৰাবাহিকভাৱে বহু লেখা অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছে৷