অসম

কৃষ্ণাইত ভালুক উদ্ধাৰ কৰে বনবিভাগে…

asomiyapratidin

ডিজিটেল সংবাদ,কৃষ্ণাই : গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বনকাৰ্যালয়ে এক অভিযান চলাই শুক্ৰবাৰে এটা ভালুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰামতে বনকৰ্মীৰ দল এটাই গোপন সূত্ৰৰ আঁত ধৰি খেৰবাৰীত অভিযান চলাই দিল সিং মাৰাক নামৰ এজন লোকে ঘৰতে আবদ্ধ কৰি ৰখা অৱস্থাত ভালুকটোক উদ্ধাৰ কৰে।

মাৰাকে চাৰি মাহধৰি ভালুকটোক নিজ ঘৰতে অতি গোপনে আৱদ্ধ কৰি ৰাখিছিল। ইতিমধ্যে ভালুকটোক কৃষ্ণাই আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত লৈ আহিছে।