অসম

লামডিং ৰে'লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ স্বাধীনতা দিৱসৰ আগমূহুৰ্তত লামডিং ৰে'লৱে ষ্টেচনত তলাচি অভিযানত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে RPF ৰ CIB দলে । ১৩১৭৪ নামনিমুৱা আগৰতলা শিয়ালদাহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰেলৰ পৰা RPF ৰ বিশেষ বাহিনী CIB দলে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। লামডিং ৰেলৱে ষ্টেচনৰ ৫ নম্বৰ প্লেটফৰ্মৰ পৰা বিদেশী চিগাৰেট সমূহ দুটা বেগত জব্দ কৰা হয়। ৰেলখনৰ নম্বৰ CR ১২২১২৭ ডবাৰ পৰা ১২৫ পেকেট বিদেশী চিগাৰেট জব্দ কৰে ৷

জানিব পৰা মতে জব্দ কৰা বিদেশী চিগাৰেটৰ আনুমানিক বজাৰ মূল্য দুই লাখ টকাৰো অধিক ৷ ৰেলখন বাথৰুমৰ ওচৰত পৰিত্যক্ত অৱস্থাত পৰি আছিল ট্ৰলি বেগ দুটা ৷ এই ক্ষেত্ৰত RPF ৰ বিশেষ দল CIB য়ে কোনো ব্যক্তিক আটক কৰিব পৰা নাই৷ বৰ্তমান লামডিং ৰেলৱে সুৰক্ষা বাহিনীয়ে এই বিদেশী চিগাৰেটসমূহ কোনে ক'ৰ পৰা ক'লৈ সৰবৰাহ কৰিছিল সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে ৷