অসম

মঙলদৈত খাদ্যত বিষক্ৰিয়া, ৮ জনক চিকিৎসালয়ত ভৰ্তি

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ নিকতৱৰ্তী নগৰবাহী মোল্লাপাৰা গাঁৱত দেওবাৰে খাদ্যত বিষক্ৰিয়া হৈ ৮গৰাকী মহিলাসহ এটি শিশু গুৰুতৰভাৱে অসুস্থ হৈ পৰে। গাওঁখনৰ নাজিমুদ্দিন হক নামৰ এজন লোকৰ ঘৰত আলহী নিমন্ত্ৰণ জনাইছিল আক্ৰান্ত সকলক। আলহী খাব অহা আত্মীয়ক চিৰা, দৈ, মিঠাই দিয়াৰ পিছতেই অসুস্থ হৈ পৰে।

খাদ্যত বিষক্ৰিয়াৰ ফলত অসুস্থ হৈ পৰা মহিলাকেইগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। অসুস্থ সকল ক্ৰমে- মফিদা বেগম (৫০), আৰিফা বেগম (৩২), চায়েৰা বেগম (৩০), ববিতা বেগম (২০), চায়েফা বেগম, মাকনি বেগম (৩০), পাৰবিন ইয়াচমিন (৭) আৰু জুলিমা বেগম (৩০) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আটাইকেইজনে চিৰা, দৈ খোৱাৰ প্ৰায় আধা ঘন্টা মান পিছতে তেজ বমি, শৌচ হোৱাৰ লগতে শৰীৰ দুৰ্বল হৈ পৰে। ঘটনাৰ পিছতে পৰিয়াল আৰু স্থানীয় লোকে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে জানিব দিয়া মতে চিকিৎসাধীন আটাইকেইগৰাকীৰে অৱস্থা সংকটজনক।