অসম

নগাঁৱত নিৰ্মাণ হ’ব উৰণীয়া সেতু! ফাকুৱা আৰু দেৱালীটো চলিব আৰক্ষীৰ অভিযানঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যত বিগত দিন কেইটাত যানবাহন আৰক্ষী কঠোৰ হোৱাৰ লগতে ৰাজপথত সুৰাপায়ী চালকৰ লগতে যানবাহন আইন ভংগ কৰাৰ বিৰুদ্ধে যি অভিযান চলিছে সেই অভিযান ফাকুৱা আৰু দেৱালীটো চলিব। এই বিষয়ে নগাঁৱত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে।

কেইবাটাও কাৰ্যসূচী হাতত লৈ নগাওঁ ভ্ৰমণ কৰা মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, ৰাজ্যত দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীয়ে ফাকুৱা আৰু দেৱালীো অভিযান চলাব। তেওঁ কয় যে, প্ৰতিটো উৎসৱত দুৰ্ঘটনা ৰোধৰ বাবে বিশেষ পদক্ষেপ লোৱা হ'ব ৷ ৰাজ্যত যাতে দুৰ্ঘটনা সংঘটিত হৈ মানুহৰ মৃত্যু নহয় তাৰ বাবে বছৰৰ প্ৰতিটো দিনে চৰকাৰে প্ৰচেষ্টা হাতত ল'ব ৷

শনিবাৰে নগাঁৱত নবনিৰ্মিত অমৃত কানন উদ্যানখনি আৰু আনন্দ ৰাম ঢেকিয়ান ফুকন সেতুঁৰ কাষত নিৰ্মিত নতুন দলং খনি মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে কয় যে উন্নয়ন এতিয়া চৰকাৰৰ মূল লক্ষ্য ৷ ১৯৪০ টকা দৰত কেতিয়াও কৃষকৰ ধান বিক্ৰি হোৱা নাছিল ৷ এদিন বিৰোধীত বহা মানুহ নাইকীয়া হ'ব ৷

নগাঁৱত এখন উৰনীয়া সেতু নিৰ্মানৰ ক্ষেত্ৰত আশাৰ বতৰা দি মুখ্যমন্ত্ৰীয়ে কয়, বিধায়কে বিচাৰিলে নগাঁৱত উৰনীয়া সেতুঁ নিৰ্মান কৰা হ'ব ৷ কোভিডৰ দ্বিতীয় পালি ভেকচিন নোলোৱা ব্যক্তি সোমবাৰৰ পৰা ৰাজহুৱা স্থানলৈ আহিব নোৱাৰিব বুলি মন্তব্য কৰি ড০ শৰ্মাই কয় যে চৰকাৰে ভেকচিন দিয়াত গুৰুত্ব দি আহিছে ৷ যি ভেকচিন লোৱা নাই তেওঁ ঘৰ আৰু চিকিৎসালয়লৈহে আহিব পাৰিব ৷