অসম

হাতীচুং জিলা পৰিষদৰ সদস্যা সীমা ৰেখা ভৰালীৰ উদ্যোগত বান সাহায্য প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বিগত কেইবাদিনো ধৰি বটদ্ৰৱা সমষ্টিৰ কেইবাখনো গাঁও বানৰ কবলত থকাৰ ফলত গাঁওবাসীয়ে বিভিন্ন সমস্যা তথা অভাৱৰ সন্মুখীন হৈছে। এনে ভয়াবহ পৰিস্থিতিত অঞ্চলটোৰ ভালুকমাৰী, বাউলাবৰি, গান্ধীবৰি আদি কেইবাখনো গাঁৱৰ ৰাইজৰ মাজত সাহাৰ্য্য প্ৰদান কৰি জিলা পৰিষদ সদস্যা সীমা ৰেখা ভৰালীয়ে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াছে।

সীমাৰেখা ভৰালীৰ উদ্যোগত আজি অঞ্চলটোৰ ডেৰশ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও সহস্ৰাধিক পৰিয়ালৰ মাজত খোৱাপানী যোগান ধৰে।