অসম

মঙলদৈত পূৰ্বে কেতিয়াও হোৱা নাই ইমান পানী !

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ বছৰটোৰ দ্বিতীয়টো বানত মঙলদৈ চহৰ সম্পূৰ্ণ ৰূপে পানীত ডুব গ'ল। কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণ আৰু জিলা খনত থকা উপনৈ সমূহৰ বাঢ়নি পানীৰ ফলত দৰং জিলাৰ সদৰ মঙলদৈ চহৰ অস্বাভাৱিক বানপানীৰ কৱলত পৰে । চহৰখনৰ দহোটা ৱাৰ্ড , শান্তিপুৰ ,তেঙাবাৰী, বৰুৱা পাৰা, জ্যোতি নগৰ,তেলিপাৰা, সোনালী পাম, মঙলদৈ বজাৰ,মঙলদৈ পুৰনি ধান বজাৰ,বেগা পাৰ, আদি অঞ্চলত অস্বাভাৱিক বানপানীৰ কৱলত পৰে।

মঙলদৈত বৰ্তমানলৈকে ৬৭খন গাওঁ বানৰ কৱলত পৰিছে। এনে পানী মঙলদৈত কেতিয়াও হোৱা নাছিল। মঙলদৈ চহৰত বানপানী উঠাৰ সমান্তৰাল ভাৱে চহৰখনত থকা দোকান পোহাৰ, বিভিন্ন অফিচ, শিক্ষানুষ্ঠান আদি এককাল, এবুকু পানীত তল যায়।

ইতিমধ্যে জিলা খনৰ প্ৰায় সকলো মুখ্য পথেই বানপানীৰ কৱলত পৰিছে যাৰ বাবে জিলা খন বহিঃ জিলাৰ লগত যাতায়ত বন্ধ হৈ পৰিছে। এনে অস্বাভিক বান পৰিস্থিতিত জিলা প্ৰশাসনে জনসাধাৰণক সহায়ৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বহু পৰিয়াল এতিয়াও বানৰ কৰাল গ্ৰাসত পৰি বিবুদ্ধিত পৰিছে।

জিলা প্ৰশাসন,দুৰ্যোগ প্ৰশমন বিভাগে উদ্ধাৰ কায্য চলাই আছে। মঙলদৈত ইতিমধ্যে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মঙলদৈ টাউন ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়,টেঙাবাৰী প্ৰাথমিক বিদ্যালয়, মঙলদৈ বানিজ্য মহাবিদ্যালয়ৰ, মঙলদৈ ক্লাব, লাচিত নগৰ, জ্যোতি নগৰ,ভৱশংকৰ স্কুল, মেজিষ্ট্ৰেট কলনি আদি এতিয়ালৈকে বানৰ কৱলত পৰা নাই। সেয়েহে এই স্থানসমূহত স্থাপন কৰা হৈছে বান শিবিৰ।