অসম

বানপানীৰ ফলত ৰাজ্যত পুনৰ গঁড়ৰ মৃত্যু, ২৩ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও পানীৰ তলত…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত ভয়াৱহ বান পৰিস্থিতিয়েও জ্বলা-কোলা খুৱাইছে সাধাৰণ লোকক। অসমৰ ২৩ খন জিলাতে বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। লক্ষাধিক লোকে আশ্ৰয় শিৱিৰত থাকি নিজকে ৰক্ষা কৰিবলগীয়া হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, মানস ৰাষ্ট্ৰীয় উদ্যান আদিৰ অধিকাংশ স্থানেই পানীৰ তলত আছে।

মুঠ ১৮৩ বন শিৱিৰৰ ৭০ টাই পানীৰ তলত আছে বুলি জানিব পৰা গৈছে। ইফালে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সদৰি কৰা অনুসৰি মঙলবাৰে ৰাজ্যত বানপানীৰ বাবে এটা গঁড়ৰ মৃত্যু হয়। প্ৰতিবছৰে বান পানীয়ে ত্ৰাসৰ সৃষ্টি কৰে ৰাজ্যত। মন্ত্ৰীগৰাকীয়ে লগতে কয়, এইবাৰ আমি উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছো। বুধবাৰে মন্ত্ৰীগৰাকী কাজিৰঙা পবিতৰা আৰু কাজিৰঙালৈ যাব বুলিও জানিব পৰা গৈছে।