অসম

মহানগৰীৰ আমিনগাঁও ঘাটত মীন বিভাগে জব্দ কৰিলে মাছ ধৰা জাল

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৰ্তমান সময়ত বিল অথবা নদী আদিত মাছ মৰাটো আইন মতে অপৰাধমূলক কাৰ্য হিচাপে বিবেচনা কৰা হয়। মীন বিভাগে মাছ মৰা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও কোনো অসাধু ব্যৱসায়ীয়ে গোপনে প্ৰশাসনলৈ বুঢ়া আঙুলি দেখুৱাই মাছ নিধনকাৰ্য চলাই আহিছে।

ব্ৰহ্মপুত্ৰ নদীতো চোৰাংকৈ এই মাছ নিধনকাৰ্য চলি থকাৰ কথা মীন বিভাগে খবৰ লাভ কৰিছিল আৰু মীন বিভাগৰ উন্নয়ন বিষয়া আনিষা শৰ্মাৰ নেতৃত্বত এটা দলে শুকুৰবাৰে পুৱাই আমিনগাঁও ঘাটত গোপন সূত্ৰৰ পম খেদি উপস্থিত হৈ বিষয়া গৰাকীয়ে ১৩ খনকৈ মাছ ধৰা জাল জব্দ কৰে।

আনহাতে এপ্ৰিল মাহৰ পৰা এই সময়লৈ মাছৰ কণী দিয়া হয় বাবে খাল, নৈ আদিত মীন বিভাগে মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে কিন্তু আনফালে দুষ্ট চক্ৰই টকাৰ লোভত এই অপৰাধ কাৰ্য সংঘটিত কৰি আহিছে।