অসম

উৰুকাৰ দিনা মীন বিভাগৰ লাজলগা কাণ্ড…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ অসম ৰাজ্যিক মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু বৰ্তমানৰ মঙলদৈৰ বিধায়ক তথা প্ৰাক্তন মীন মন্ত্ৰী বসন্ত দাসৰ গৃহ জিলাৰ মীন বিভাগৰ লাজ লগা কাণ্ড। উৰুকাত মীন বিভাগৰ সুলভ মূল্যৰ মাছৰ বাবে বোন্দা পৰ দিবলগীয়া হৈছে ৰাইজে। জিলা মীন বিভাগে কাৰ্যালয়ত প্ৰকাণ্ড বেনাৰ আৰি বিক্ৰী কৰিবলৈ লৈ আহিল মাত্ৰ কেই কেজিমান মাছ। পুৱাৰে পৰা মাছ কিনিবলৈ বোন্দা পৰ দি থকা ৰাইজৰ মাছৰ গোট আৰু পৰিমাণ দেখি চকু কপালত উঠিল।

আগতীয়াকৈ জানিব দিয়া মতে জিলা মীন বিভিগে জিলাখনৰ মীন পালকসকলৰ দ্বাৰা উৎপাদিত লোকেল মাছ উৰুকাত গ্ৰাহকক যোগান ধৰিব। পিছে গ্ৰাহকে বোন্দা পৰ দি দি ভাগৰি পৰাৰ পিছত কেইকেজি মান আধা কিলো, এক কিলো ওজনৰ মাছ পলিথিনত থৈ ফটো তুলি সামৰিলে দায়িত্ব।

এজনেটো কৈয়েই দিলে এইখিনি মাছ উপস্থিত গ্ৰাহকৰ মাজত বিলাব লাগিলে পিছ পিছ কৰি মাছ দিব লাগিব। জিলাখনত অসম চৰকাৰৰ বিয়াগোম মীন বিভাগৰ ৰথী মহাৰথী থকাৰ পিছতো উৰুকাৰ দিনা ৰাইজক সুলভ মূল্যৰ মাছ যোগান ধৰিব নোৱাৰাটো অতি হাস্যকৰ লগতে লজ্জাজনক কথা হিচাপে বিবেচিত হৈছে উৰুকাৰ দিনটোত।