অসম

উৰুকাৰ পুৱা জুই জ্বলিছে বজাৰত

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভোগৰ ভোগালীত বজাৰত খাদ্য সামগ্ৰীৰ জুই চাই দাে বিপাঙত পেলাইছে সাধাৰণ খাটিখোৱা শ্ৰেণীক। ভোগৰ আনন্দ, উছাহকণ পৰিয়ালৰ সৈতে ভগাই তৃপ্তিৰ এসাজ খাম বুলি ভাবোতেই বজাৰত মাছ-হাঁহৰ উভৈনদী হৈ থকাৰ পাছতো ঘৰলৈ আনিবলৈ অপৰাগ হৈছে সাধাৰণ শ্ৰেণীক। কিয়নো মনে বিচাৰিলেও পচন্দৰ মাছটো বা মাংসখিনি আনিবলৈ পকেটত নাই পৰ্যাপ্ত ধন।

মহানগৰীৰ উজান বজাৰৰ মাছ বজাৰত পুৱাৰে পৰা উভনৈদী হৈ পৰিছে ভিন্ন আকৃতিৰ আৰু ভিন্ন জাতৰ মাছ। সেই অনুপাতে গ্ৰাহকৰো ভিৰ নথকা নহয়। কিন্তু তাৰ মাজতো একাংশই মাছৰ দাম শুনি খালী হাতেই বা পচন্দৰ মছটো নিকিনাকৈয়ে ঘৰলৈ উভতিছে।

বজাৰত আজি আজি সাধাৰণ আকৃতিৰ ভকুৱাৰ দাম ৪০০ টকা প্ৰতি কিলো। আকৃতি ভেদে ইয়াৰ দামো বেলেগ বেলেগ। বিশ্বনাথৰ পৰা অহা ৩২ কেজি ওজনৰ এটা ভকুৱাৰ দাম বেপাৰীয়ে গ্ৰাহকক শুনাইছে ৩২০০০ টকা। আনফালে একেই দাম প্ৰায় চিতল মাজৰো। চিতল মাছৰ দৰ আজি বজাৰত ১২০০ টকাৰ ঘৰ চুইচেগৈ। সৰু আকৃতিৰ চিতল মাছৰ দাম অতি কমেও ৬৫০ টকা নিৰ্ধাৰণ কৰিছে বেপাৰীয়ে।

ইফালে, ভকুৱা, চিতলৰ লগতে আন আন মাছ সমূহৰো দামে অতিক্ৰম কৰিছে সাধাৰণ মানুহৰ সামৰ্থৰ সীমা। চিলভাৰ, গ্ৰাচকাড আদি মাছৰ দামো আৰম্ভ হৈছে ৪০০ টকা প্ৰতি কিলোৰ পৰা।