অসম

সৰ্থেবাৰীত অগ্নিকাণ্ড, সংকটজনক অৱস্থাত এজনক জিএমচিলৈ প্ৰেৰণ

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভকুৱাটেপাৰ নাথ চুপাত শনিবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। পবিত্ৰ নাথ নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত পবিত্ৰ নাথৰ পত্নী পম্পী নাথ (২৩) সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়।

পাছত ততাতৈয়াকৈ পম্পী নাথক বৰপেটাৰ ফখৰউদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত পবিত্ৰ নাথ গুৱাহাটীত আছিল। এটি চাৰি বছৰীয়া পুত্ৰ সন্তানেৰে ঘৰত থকা পম্পী নাথ এই অগ্নিকাণ্ডত কেনেকৈ অগ্নিদগ্ধ হ'ল কাৰণ জানিব পৰা হোৱা নাই। ৰহস্যঘনিভূত এই অগ্নিকাণ্ডত প্ৰায় চাৰি লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি ধাৰণা কৰা হৈছে।