অসম

নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ ‘অৰ্জুন’ উন্মোচন…

asomiyapratidin

ডিজিটেল সংবাদ,নলবাৰী : প্ৰকৃতি ৰক্ষা আৰু গঁড় হত্যাৰ দৰে নিৰ্দয় ঘটনাক প্ৰতিহত কৰাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ আধাৰত নিৰ্মাণ কৰা 'অৰ্জুন' নামৰ অসমীয়া চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব' বৃহস্পতিবাৰে নলবাৰী নাট্য মন্দিৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চলচ্চিত্ৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট কন্ঠশিল্পী দীপলিনা ডেকাই।

উন্মোচন কৰি দিয়া ভাষণত শিল্পীগৰাকীয়ে কয় যে অসমীয়া চলচ্চিত্ৰ বৰ্তমান সংকটৰ গৰাহত পৰিছে। তাৰ মাজতো একাংশ সংস্কৃতিবান লোকে অসমীয়া চলচ্চিত্ৰক আগুৱাই নিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। বিশিষ্ট পৰিচালক ৰজনী (ৰাজ) বৰ্মন পৰিচালিত আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী গনেশ তামুলীৰ প্ৰযোজনাত নিৰ্মিত অৰ্জুন নামৰ কথাছবিখন এখন উপভোগ্য আৰু চিকিৎসাধৰ্মী চলচ্চিত্ৰ। সংস্কৃতিক আগুৱাই নিয়াৰ স্বাৰ্থত শিল্পীগৰাকীয়ে অৰ্জুন কথাছবিখন সকলো শ্ৰেণীৰ লোককে উপভোগ কৰাৰ বাবে আহ্বান জনায়।

বিশিষ্ট কন্ঠশিল্পী শ্ৰুতি চৌধুৰী আৰু আবৃত্তিকাৰ দিগন্ত ভৰালীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অভিনেতা মৃদুল ভূঞাই কয় যে বৰ্তমান সময়ত অসমীয়া কথাছবি আৰু ভ্ৰাম্যমাণৰ বৰ বেয়া দিন চলিছে। কিন্তু সময়ৰ লগে লগে সেই বেয়া দিনবোৰ নোহোৱা হ'ব বুলিও তেওঁ আশা কৰে ।

অভিনেতাগৰাকীয়ে দৰ্শকসকলক অৰ্জুন কথাছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়।অনুষ্ঠানত বিধায়ক অশোক শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, পৰিচালক ৰজনী বৰ্মন, জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই শুভেচ্ছামূলক ভাষণ দিয়াৰ লগতে প্ৰযোজক গনেশ তামুলীয়ে অৰ্জুন চলচ্চিত্ৰক আকোঁৱালি ল'বলৈ ৰাইজক আহ্বান জনায়। উন্মোচনৰ পিচত দৰ্শক সকলে অৰ্জুন চলচ্চিত্ৰখন উপভোগ কৰে।