অসম

নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….

asomiyapratidin

ডিজিটেল সংবাদ নাহৰলগুণঃ ব'হাগ মাহৰ শেষৰটো দিনত অৰুণাচল প্ৰদেশৰ ইটানগৰ আৰু নাহৰলগুনত বসবাস কৰি থকা অসমৰ লোকসকলে জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে বিগত ২২ বছৰ ধৰি আয়োজন কৰি অহা ৰঙালী বিহু সন্মিলন যোৱা দেওবাৰে আৰম্বৰপূৰ্ণভাৱে আয়োজন কৰে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন মুখ্য অতিথি হিচাপে উপস্থিত থকা এই বিহু সন্মিলনীত অসমৰ বাৰে ৰহণীয়া কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে অৰুণাচল প্ৰদেশৰ গালো জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয়।

বিহু উপলক্ষে অসমৰ হাবুং বিহু দল, লক্ষীমপুৰৰ নিয়ৰ বিহু দল, নামচাইৰ মৰাণ বিহু দলে অংশগ্ৰহণ কৰে। দিনৰ ভাগত মৌ-কুঁৱৰী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাও অনুষ্ঠিত হয়। কৃষ্টি কেন্দ্ৰৰ মহিলা বিহু দলে জেং বিহু প্ৰদৰ্শন কৰাৰ উপৰিও কণ-কণ ল'ৰা-ছোৱালীয়ে দুটি বিহু নৃত্য প্ৰদৰ্শন কৰে।

নিশা অসমৰ জনপ্ৰিয় সংগীত শিল্পী ৰূপৰ দান আৰু এনিশা শইকীয়াই গীত পৰিৱেশন কৰে। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইন, ইটানগৰৰ মেয়ৰ টামে ফাচাং, অসমৰ বিশিষ্ট সমাজকৰ্মী উদয় আদিত্য গোস্বামী, নিছি ইলিট ছ'ছাইটিৰ সাধাৰণ সম্পাদক হেৰি মাৰিং আদি আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানতে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচি, বিশিষ্ট লোক-বাদ্য শিল্পী মকবুল হুছেইন আৰু গহপুৰৰ জ্যেষ্ঠ সাংবাদিক, সমাজসেৱী ভূৱন শইকীয়াক সম্বৰ্ধনা জনোৱা হয়।