অসম

পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ত “পৰিবেশ মিত্ৰ” দেৱজিৎ ফুকনক সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা: পাৰিপাৰ্শ্বিক পৰিবেশ আৰু জৈৱ বৈচিত্ৰৰ সুৰক্ষা , গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ আৰু বিজ্ঞান মনস্কতাৰ সপক্ষে প্ৰণালীবদ্ধ সজাগতা সৃষ্টিত অভূতপূৰ্ব অৱদান আগবঢ়াই যোৱা ঢকুৱাখনাৰ বিশিষ্ট পৰিবেশ কৰ্মী দেৱজিৎ ফুকনক শনিবাৰে উষ্ণ সম্বৰ্ধনা জনোৱা হয়। পশ্চিম ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ উদ্যোগত এই সন্দৰ্ভত আয়োজিত এক বিশেষ সম্বৰ্ধনা সভাত একনিষ্ঠ পৰিবেশ সংৰক্ষক ফুকনক বিশেষ মান্যতা প্ৰদান কৰা হয়।

পাৰিপাৰ্শ্বিক পৰিবেশ সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ ক্ষেত্ৰখনলৈ এইগৰাকী নীৰৱ পৰিবেশ কর্মীয়ে আগবঢ়োৱা অতুলনীয় অৱদানৰ প্ৰতিভূ স্বৰূপে  ৰাজ্য চৰকাৰে ২০২২ বর্ষৰ পৰিবেশ দিৱসৰ দিনটোত ফুকনক "পৰিবেশ মিত্ৰ" সন্মানেৰে বিভূষিত কৰিছিল । বৃত্তিগত ভাবে বেংকৰ শীর্ষ পদবী ধাৰী হৈয়ো সুদীর্ঘ কাল সমাজ সভ্যতাৰ হিতাৰ্থে আত্মনিয়োগ কৰা ঢকুৱাখনা নগৰৰ কোঁৱৰ গাঁও নিবাসী ফুকনক বিদ্যালয় কৰ্তৃপক্ষই শনিবাৰে ৰাজহুৱা সম্বৰ্ধনা জনাই। 

বিদ্যালয় প্ৰেক্ষাগৃহত শনিবাৰে বিয়লি অনুষ্ঠিত সম্বৰ্ধনা সভাত উদ্দেশ্য ব্যাখ্যা আৰু সঞ্চালনা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক  প্ৰদীপ দত্তই।  সভাত বিশিষ্ট প্ৰকৃতিবিদ ,শিক্ষাবিদ ডঃ অমল চন্দ্ৰ  দত্ত , প্ৰবীণ শিক্ষাবিদ প্ৰমোদ দত্ত , তুলধৰ শৰ্মা , হিৰণ্য বৰফুকন , তুলন ৰাজভৰ , মিহিৰ চেতিয়া , আদিত্য কোঁৱৰৰ লগতে ২০ গৰাকী অভিভাৱক ,মাতৃ গোট আৰু পৰিবেশ প্ৰেমীৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষাৰ্থী উপস্থিত থাকে ।

সভাত সম্বৰ্ধিত পৰিবেশবিদ দেৱজিৎ ফুকনে অধ্যয়নপুষ্ট, অভিজ্ঞতালব্ধ, মননশীল আৰু প্ৰেৰণা দায়ক বক্তব্য আগবঢ়াই উপস্থিত সকলোকে উপকৃত কৰে । তাৰোপৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে এক পৰিবেশ সুৰক্ষা সম্পৰ্কীয় প্ৰশ্নোত্তৰ শিতানতো অংশগ্ৰহণ কৰে বিশিষ্ট প্ৰকৃতিবিদ ফুকনে ।

"পৰিবেশ মিত্ৰ" ফুকনক বিদ্যালয় পৰিয়ালে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই অনাগত সময়ত অধিক সক্ৰিয়তাৰে পৰিবেশ সুৰক্ষাজনিত ক্ষেত্ৰখনত আগুৱাই যাবলৈ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ।