অসম

নামৰূপ সাহিত্য সভাৰ তিনি জেষ্ঠ নাগৰিকক  ব’হাগী বৰণ  প্ৰদান….

asomiyapratidin

ডিজিটেল সংবাদ নামৰূপঃ  নামৰূপ শাখা সাহিত্য সভাই প্ৰতি বছৰৰ দৰে এইবাৰো নামৰূপ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলৰ  বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা তিনি গৰাকী বিশিষ্ট ব্যক্তিক ব'হাগী বৰণ আগবঢ়াই। নামৰূপ  শাখা সাহিত্য সভাৰ সভাপতি  মনিকান্ত চেতিয়া, সাধাৰণ সম্পাদক প্ৰদীপ গগৈৰ  নেতৃত্বত  সাহিত্য সভাৰ বিষয়ববীয়াসকলে প্ৰতি গৰাকী সম্বৰ্ধিত ব্যক্তিৰ গৃহত উপস্থিত অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগনি পত্ৰৰে সন্মান জনাই আৰ্শীবাদ গ্ৰহণ কৰে। 

ওলগ জনোৱা  বিশিষ্ট ব্যক্তিসকল ক্ৰমে খেৰেমীয়া গাঁৱৰ দেবেশ্বৰ সোনোৱাল, বিশিষ্ট কবি মিলন গগৈ আৰু নিগাম গাঁৱৰ  বিশিষ্ট মহিলা মিনা গগৈ।  সাহিত্য সভাৰ এই কাৰ্যসূচীত  অংশ গ্ৰহণ কৰে অনিমা বৰুৱা দেউৰী , জিতুমণি শইকীয়া, কাৰ্তিক তালুকদাৰ, বিবি মহন্ত, চৈতন্য কোঁৱৰ, গৌৰী চুবেদাৰ বৰা , ময়ুৰাক্ষী মহন্ত , চিদানন্দ দত্ত, আৰু ব্ৰজানন্দ ভূঁঞাই।