অসম

নগাঁৱৰ কলা বিথিকা আৰু সংগ্ৰহালয় “আৰ্ট ভিলেজ”ত ৰাজ্যৰ আটাইতকৈ বয়োজেষ্ঠ শিল্পী গোপাল প্ৰধানক সম্বৰ্ধনা

asomiyapratidin


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিত্ৰশিল্পী সুজিত দাসৰ একক প্ৰচেষ্টাত নগাঁও চহৰত গঢ় লৈ উঠা কলা বিথিকা আৰু সংগ্ৰহালয় "আৰ্ট ভিলেজ"ত দেওবাৰে ৰাজ্যৰ আতাইতকৈ বয়োজেষ্ঠ শিল্পী গোপাল প্ৰধানক সম্বৰ্ধনা জনোৱা হয়। শংকৰ মিশ্যন, শিৱনগৰৰ শিৱস্থান, মাৰাৰ পাৰ্ক আদি নগাঁৱৰ বিভিন্ন ঠাইত সুন্দৰ শিল্পকৰ্মৰে নগাঁও বাসীৰ মাজত পৰিচিত ৯৭ বছৰীয়া শিল্পী গৰাকীৰ সৈতে আৰ্ট ভিলেজতে আজি নগাঁও জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়।

আৰ্ট ভিলেজৰ সঞ্চালক তথা শিল্পী সুজি দাসে আঁত ধৰা অনুষ্ঠানটিত শিল্পী গোপাল প্ৰধানক গামোচা, জাপি, গছপুলি, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। নগাঁও চৰকাৰী আৰবান হাইস্কুলৰ প্ৰধান শিক্ষক পাৰ্থ সাৰথি লস্কৰ, আলোক চিত্ৰ শিল্পী অনুৰাগ মহন্ত, নগাঁও মহাবিদ্যালয়ৰ প্ৰবক্তা কাবেৰী দেৱীকে প্ৰমুখ্য কৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত গোপাল প্ৰধানে "নগাঁৱত নকৈ গঢ় লৈ উঠা আৰ্ট ভিলেজৰ দ্বাৰা নৱ প্ৰজন্মই আমাৰ চহকী শিল্পক জানিব পাৰিব আৰু শিকি বুজি আগুৱাই পাৰিব" বুলি মন্তব্য প্ৰদান কৰে।