- বানপানীৰ ফলত দক্ষিণ কামৰূপৰ নগৰবেৰাৰ এজন কৃষকৰ মৃত্যু৷
- পানীৰ সোঁতত উটি গৈ কৃষকজনৰ মৃত্যু।
- নগৰবেৰা পিজুপাৰাত বুধবাৰে আবেলি সংঘটিত হৈছে এই ঘটনা।
- পানীত ডুবি মৃত্যু হোৱা কৃষকজনৰ নাম গোলক কলিতা।
- কাম সামৰি সাঁতুৰি ঘৰমুৱা হওতেই ভাগৰুৱা হৈ সাঁতুৰিব নোৱাৰা হয় তেওঁ।
- তাৰ পাছতে পানীৰ সোঁতত উটি গৈ কৃষকজনৰ মৃত্যু ঘটে৷
- একাংশ লোকে সেই দৃশ্য দেখি তেওঁক উদ্ধাৰ কৰি নিছিল হাস্পতাললৈ।
- চিকিৎসালয়ত চিকিৎসকে মৃত বুলি ঘোষণা কৰে তেওঁক৷