অসম

দৰং কৃষি বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় মহিলা কৃষক দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ,মঙলদৈঃ দেশৰ প্রয়াত ৰাষ্ট্রপতি আব্দুল কালাম আজাদৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে দৰং জিলা কৃষি বিভাগৰ উদ্যোগত মঙলদৈত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্রীয় মহিলা কৃষক দিৱস উদযাপন কৰা হয়|
উল্লেখ্য যে কৃৰ্ষি কাৰ্যত কৃষক সকলৰ সমানে সমানে মহিলা সকলেও যে কৃষি কৰ্মৰ লগত জড়িত হয়। এই মহিলা সকলক উৎসাহিত কৰাৰ অৰ্থে প্ৰয়াত ৰাষ্ট্ৰপতি আব্দুল কালামৰ জন্ম দিৱসৰ লগত " ৰাষ্ট্ৰীয় কৃষক মহিলা দিৱস" হিচাপে পালন কৰে দৰং কৃষি বিভাগে৷

দৰং জিলা কৃষি বিষয়া উদ্ধৱ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত মহকুমা কৃষি বিষয়া ভবেন কলিতা,কৃষি উন্নয়ন বিষয়া দেৱ কুমাৰ শৰ্মা,ভাস্ততি শৰ্মা,মুৰ্চনা মালাকাৰ,কৃষি বিশেষজ্ঞ বনস্মিতা বৰ্মণ আৰু দিলৰুৱা আখতাৰাই অতিথি হিচাপে অংশ গ্রহণ কৰে | জিলা খনৰ কেইবাজনীও মহিলা কৃষকৰ উপস্থিতিত জিলাৰ মহিলা সকলক কৃষি কৰ্মত জড়িত হবলৈ উৎসাহিত কৰে।অনুষ্ঠানত প্রায় শতাধিক কৃষকে অংশ গ্রহণ কৰে |