মানুহৰ জীৱনৰ লগত খেলা ! হাজাৰৰো অধিক ভুৱা ফাৰ্মাচিষ্টৰে ভৰি আছে ৰাজ্য...
মানুহৰ জীৱনৰ লগত খেলা ! হাজাৰৰো অধিক ভুৱা ফাৰ্মাচিষ্টৰে ভৰি আছে ৰাজ্য... 
অসম

মানুহৰ জীৱনৰ লগত খেলা ! হাজাৰৰো অধিক ভুৱা ফাৰ্মাচিষ্টৰে ভৰি আছে ৰাজ্য...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশৰ ঔষধ মানক নিয়ন্ত্ৰণ সংস্থাই দেশজুৰি ৭৬ টা ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ বিৰুদ্ধে অভিযান চলাই ১৮ টাকৈ ঔষধ প্ৰস্তুতকাৰী কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেওঁলোকৰ ফেক্টৰী ছীল কৰাৰ খবৰ আলোড়ণৰ সৃষ্টি কৰিছে। এই কোম্পানী কেইটাই জীৱন দায়িনী ঔষধৰ নামত ভেজালকৰণ কৰাৰ লগতে নীতিবৰ্হিভূত কাৰ্যত লিপ্ত হৈছিল।

মঙ্গলবাৰে এই কথা পোহৰলৈ অহাৰ সময়তে অসমত আকৌ উত্থাপিত হৈছে আন এক গুৰুত্বপূৰ্ণ অভিযোগ। সেই অনুসৰি আলু, পিঁয়াজৰ দোকানৰ দৰেই অসমত গঢ়ি উঠিছে ঔষধৰ দোকান। দিনক দিনে বৃদ্ধি পাইছে ভুৱা ফাৰ্মাচিষ্টৰ দপদপনি।

অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ আশীৰ্বাদত এই ভুৱা ফাৰ্মাচিষ্টসকলে মানুহৰ জীৱনৰ লগত খেলা কৰিবলৈ আৰম্ভ কৰিছে। অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়ন চমুকৈ আৰপোৰ মুখ্য উপদেষ্টা ডাঃ কামাল হাছানে মঙ্গলবাৰে এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদ মেলত তেওঁ উল্লেখ কৰা অনুসৰি অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ অধীনত ৰাজ্যত মুঠ ১১৯০ গৰাকী ভুৱা ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ আছে। ডাঃ কামাল হাছানৰ অভিযোগ অনুসৰি, ৰাজ্য চৰকাৰক অন্ধকাৰত ৰাখি অসম ফাৰ্মাচিষ্ট কাউন্সিলৰ একাংশ নেতৃত্বই ধনৰ বিনিময়ত ভুৱা চাৰ্টিফিকেট যোগান ধৰি আহিছে। কাউন্সিলেই ৰাজ্যত ভুৱা ফাৰ্মাচিষ্টৰ সংখ্যা বৃদ্ধি কৰাৰ অৰিহণা যোগাই আহিছে।

সংবাদ মেলত তেওঁ কয়, অসমত মুঠ ২০ হাজাৰ ৪৬১ জন বৈধ ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ থকাৰ বিপৰীতে ৰাজ্যত ২০১৫ ৰ পৰা বৰ্তমানলৈকে প্ৰায় ১ হাজাৰ ১৯০ জন ভুৱা ফাৰ্মাচিষ্ট পঞ্জীয়নভুক্ত হৈ আছে । চৰকাৰে এই ভুৱা ফাৰ্মাচিষ্টৰ চাৰ্টিফিকেট এই পৰ্যন্ত বাতিল কৰা নাই ।

তেওঁৰ অভিযোগ, গেপ চাৰ্টিফিকেট প্ৰদানৰ নামতো ছাত্ৰ-ছাত্ৰীৰ পৰা অসম ফাৰ্মাচিষ্ট কাউন্সিলে অবাধে ধন সংগ্ৰহ কৰি আহিছে। ইফালে অসম ৰেজিষ্টাৰ ফাৰ্মাচিষ্ট ইউনিয়নৰ মুখ্য উপদেষ্টা ডাঃ কামালৱ হাছানৰ বিৰুদ্ধেও ভুৱা চাৰ্টিফিকেটৰ অভিযোগ উত্থাপন হৈছে।

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অৱশ্যে তেওঁ এই সংবাদ মেলতেই নস্যাত কৰি তথ্য, প্ৰমাণ ৰাজহুৱা কৰিছে। ডাঃ হাছানে ফাৰ্মাচিষ্ট কাউন্সিলৰ অধীনত চলি থকা সকলো দুৰ্নীতি আৰু কেলেংকাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে।

উল্লেখ্য যে, ৰাজ্যত ভুৱা ফাৰ্মাচিষ্ট আৰু অনুজ্ঞাপত্ৰবিহীন অথবা ভুৱা অনুজ্ঞাপত্ৰৰে ফাৰ্মাচী খুলি ঔষধৰ বেপাৰ কৰি থকা বিষয়টোক লৈ প্ৰায়ে চৰ্চা চলি আহিছে যদিও সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই সকলো দেখিও নেদেখাৰ ভাও ধৰিছে। ড্ৰাগ কণ্ট্ৰলাৰে মাজে মাজে ঠায় ভেদে অভিযান চলায় যদিও সেই অভিযান কেৱল ধন সংগ্ৰহৰ বাবেহে বুলিও অভিযোগ উত্থাপন হৈছে।