অসম

বন্ধ হ’ব শিক্ষানুষ্ঠান! কোনে ভাইৰেল কৰিছে মুখ্যমন্ত্ৰীৰ নামত এই ভুৱা খবৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বৰ্ধিত কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।এনে এক বাৰ্তা সম্বলিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰৰ পৰা সংগ্ৰহ কৰা এটা স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। কিন্তু প্ৰকৃততে কিমান সত্য এই খবৰ? এই স্ক্ৰীণশ্বট প্ৰকৃততে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হয়নে? এনে প্ৰশ্নই সচেতন মহলৰ মনত উদয় হৈছিল।

কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে ক'তো মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই। তাৰোপৰি তেওঁৰ টুইটাৰ হেণ্ডলত নাই ভাইৰেল হোৱা সেই বিশেষ টুইট। আনহাতে কোৰোনাৰ বাবে শিক্ষানুষ্ঠান বন্ধ কৰা বিষয়ত ৰাজ্য চৰকাৰে জাৰি কৰা নাই কোনোধৰনৰ এছ অ' পি জাৰি কৰা নাই। তেনে ক্ষেত্ৰত কিয় শিক্ষানুষ্ঠান বন্ধ কৰাৰ এই খবৰ ভাইৰেল হ'ল? প্ৰকৃততে এই স্ক্ৰীণশ্বট আঁৰত আছে কি?

এই সকলো প্ৰশ্ন, সন্দেহৰ উৰ পৰিল হিমন্ত বিশ্ব শৰ্মাৰ এটা টুইটৰ জৰিয়তে। প্ৰকৃততে ভাইৰেল হৈ থকা শিক্ষানুষ্ঠান বন্ধৰ সেই টুইট আছিল ভুৱা। কোনো এক দুষ্ট চক্ৰই ইচ্ছাকৃতভাৱে ভাইৰেল কৰি দিছে এই টুইটৰ স্ক্ৰীণশ্বট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে এক টুইট কৰি সেই বিশেষ স্ক্ৰীণশ্বটটো মিছা বুলি প্ৰকাশ কৰিছে।তেওঁ এইধৰণৰ ভুৱা খবৰত বিশ্বস নকৰিবলে সকলোকে আহ্বান জনাইছে।