অসম

দিল্লীত উলংগ প্ৰতিবাদ কৰা কামপুৰৰ যুৱকক গৃহভূমিত উষ্ম আদৰণি

asomiyapratidin

ডিজিটেল সংবাদ, কামপুৰঃ দেশৰ ইতিহাসত কাহানিও নোহোৱা এক ব্যতিক্ৰমী আন্দোলন হৈছিল দিল্লীত। জাতিধ্বংসী বিধেয়কখন বাতিলৰ দাবীত অসমৰ ১৪জনকৈ যুৱকে উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

উল্লেখযোগ্য যে, সেই ১৪জন যুৱকৰ ভিতৰত ৫জন যুৱকেই হল কামপুৰৰ। তেওঁলোক হ'ল ৰুবুল দাস, বেদান্ত লস্কৰ, যাদৱ দাস, কমলাকান্ত দাস আৰু মামুদ আলী।

বৃহস্পতিবাৰে নিশা এই সাহসী সংগ্ৰামী কেইজন স্ব-গৃহ কামপুৰত উপস্থিত হোৱাৰ পিছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কামপুৰবাসীয়ে তেওঁলোকক উষ্ম আদৰণি জনায়।