অসম

নগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ত নৱনিযুক্ত উপায়ুক্ত যাদৱ শইকীয়াক আদৰণি

asomiyapratidin

ডিজিটেল সংংবাদ, নগাঁওঃ সোমবাৰে নগাঁও জিলাৰ উপায়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ বিষয়া যাদৱ শইকীয়াই কাৰ্যভাৰ গ্ৰহণ কৰে।

এই অনুসৰি নগাঁও উপায়ুক্ত কাৰ্যালয় সভাকক্ষত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে বিদায়ী উপায়ুক্ত বিশ্বজিৎ পেগুক শৰাই আৰু গামোচাৰে সম্বৰ্দ্বনা জনায়।

ইয়াৰ লগত নৱনিযুক্ত উপায়ুক্ত গৰাকীক সমূহ বিষয়া-কৰ্মচাৰীয়ে সম্বৰ্দ্ধনা আৰু আদৰণি জনায়।