অসম

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মৃত্যুৰ ভাবুকি! VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ হোজাইৰ ডবকাত চাঞ্চল্যকৰ ঘটনা৷ ফেচবুকত ডবকাৰ এজন যুৱকৰ নামত ফেক একাউণ্ট খুলি আপত্তিজন পোষ্ট দিলে দুষ্ট চক্ৰই।

হোজাই জিলাৰ ডবকাৰ এজন যুৱকৰ নামৰে ফেচবুকত ভুৱা একাউন্ট খুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, বিধায়ক শিলাদিত্য দেৱক ভাবুকি প্ৰদান।

ডবকাৰ বদৰ উদ্দিন নামৰ যুৱকজনৰ নাম ঠিকনা আৰু ফটো ব্যৱহাৰ কৰি ফেচবুকত ভুৱা একাউন্ট খুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক শিলাদিত্য দেৱক হত্যাৰ ভাবুকি। লগতে ভাৰতীয় সেনাৰ নামতো আপত্তিজনক পোষ্ট দিলে দুষ্ট চক্ৰই।

এই বিষয়টো বদৰুদ্দিন আৰু তেওঁৰ বন্ধুবৰ্গই গম পাই ভুৱা একাউন্টোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে ডবকা থানাত গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে, ডবকাৰ ভুক্তভোগী বদৰ উদ্দিন নামৰ যুৱকজনে জানিবলৈ দিয়া মতে তেওঁৰ ফেচবুকত এটাই একাউণ্ট সেই একাউণ্টো প্রায় দহ বছৰৰ ধৰি ব্যৱহাৰ কৰি আছে।

বৰ্তমান তেওঁৰ নাম আৰু ফটো ঠিকনা ব্যৱহাৰ কৰি ফেচবুকত ভুৱা একাউন্ট খুলি বিভিন্ন আপত্তিজনক আৰু বিতর্কিত পোষ্ট দি তেওঁক শলঠেকত পেলাবলৈ দুষ্ট চক্ৰই অহৰহ চেষ্টা অব্যাহত ৰাখিছে।