অসম

২৩ এপ্ৰিলত ভোট দিবলৈ অসমলৈ আহিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

asomiyapratidin

ডিজিটেল ডেস্কঃ ভোট দিবলৈ অসমলৈ আহিব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ২৩ এপ্ৰিলত সপত্মীৰ সৈতে গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। মহানগৰীৰ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰিব মনমোহন সিঙে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক লৈ দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নতুন ৰূপ দিয়াৰ লগতে নিৰাপত্তাৰ দিশতো চকু ৰাখিছে প্ৰশাসনে।

ইফালে সিঙৰ আগমনক ব্যস্ততা বাঢ়িছে সৰুমটৰীয়াৰ উদং ভাড়াঘৰতো। ভাড়াঘৰলৈ যোৱা বাট-পথ মুকলি কৰাৰ লগতে ঘৰটোৰ চাৰিওকাষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ভোটদান কৰি মনমোহন সিং সৰুমটৰীয়াস্থিত এই ভাড়াঘৰতোলৈ যোৱাৰো সম্ভাৱনা আছে।