অসম

কৃষকৰ বিভ্ৰান্তি আতৰাবলৈ প্ৰতিটো ব্যৱস্থা গ্ৰহন কৰা হ’ব : কেন্দ্ৰীয় কৃষি মন্ত্ৰী

asomiyapratidin

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰে অনা নতুন কৃষি আইনৰ বিৰোধিতাৰ বাবে চৰকাৰে বৃহস্পতিবাৰে কৃষকসকলৰ সৈতে পুনৰ বাৰ্তালাপ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ কয় যে ভাৰত চৰকাৰৰে চতুৰ্থ বাৰৰ বাবে কৃষক সকলৰ সৈতে আলোচনা কৰে। ইতিমধ্যে, কৃষক সংগঠন আৰু কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ নিজৰ নিজৰ স্থিতি ৰাখে ।

একে সময়তে, টোমাৰে কয় যে কৃষকৰ ভূমিক লৈ বিভ্ৰান্তি বিয়পিছে । চৰকাৰে এই বিভ্ৰান্তি আঁতৰ কৰাৰ বাবে কাম কৰিব। তেওঁ কয় যে কৃষকৰ ভূমিৰ সমস্যা নাথাকিব। টোমাৰে কৃষক সংগঠনৰ নেতা সমূহৰ সকলো আশংকা দূৰ কৰাৰ কথা উল্লেখ কৰে ।

দিল্লী বিজ্ঞান ভৱনত কৃষক সংগঠন সমূহৰ সৈতে হোৱা আলোচনাত টোমাৰ কয় যে বজাৰ সমূহ নথকাটো নিশ্চিত কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰীজনে লগতে কয় যে ব্যৱহণকাৰীসকল বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰাটো নিশ্চিত কৰা হ'ব । পান কাৰ্ড থাকিলেই ব্যৱসায় কৰিব নোৱাৰিব । কৃষক সকলৰ পঞ্জীয়নকৰন অনিবাৰ্য কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় ।